1
পঞ্চাশ-দিনীয়া পৰ্ব্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনিসকল এঠাইত একেলগে গোট খাই আছিল।
2
সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ বলা'ৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনিসকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে।
3
তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতি জনৰ ওপৰত ৰৈ থাকিল।
4
সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।
25 তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে,
26 এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে
28 তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা।"
29 হে ভাই সকল, পিতৃকুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ'ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷ 30 কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি অঙ্গীকাৰ কৰিছিল, 31 সেই অঙ্গীকাৰৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে কলে যে-
"তেওঁক পৰলোকত ত্যাগ কৰা নহ'ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷"
32 সেই যীচুকে ঈশ্বৰে পুনৰায় মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছো৷ 33 এতেকে উত্তোলিত হৈ ঈশ্বৰৰ সোঁহাতে ওখ পদ পাই আৰু পবিত্ৰ-আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷
34 কিয়নো দায়ুদ হলে স্বর্গলৈ উঠা নাই, কিন্তু তেওঁ নিজেই এই কথা কলে,
35 যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰিৰ পীৰা নকৰোঁ।"
36 এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্ৰুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে। 37 এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনিসকলক তেওঁলোকে কলে, "হে ভাই সকল, আমি এতিয়া কি কৰিম?" 38 তেতিয়া পিতৰে তেওঁলোকক কলে, "আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওঁক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ অাত্মা পাব৷ 39 কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তানসকললৈ আৰু দূৰৈত থকা লোকসকলৰ কাৰণেও এই অঙ্গীকাৰ আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।
40 ইয়াৰ উপৰিও তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু কলে, "এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।" 41 তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ'ল৷ 42 পাছত তেওঁলোকে পাঁচনিসকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল।
43 তাতে পাঁচনিসকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু চিন যেতিয়া দেখুওঁৱা হ‘ল, তেতিয়া সকলো লোকৰ ভয় লাগিল 44 আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে। 45 আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।
46 তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে খোৱা-বোৱা কৰিলে 47 আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ'ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোকসকলক তেওঁলোকৰ লগত লগ লগাই দিলে।